hantona
0:00
0:00
সান্ত্বনা - দেবু কোঁৱৰ বন্ধু তোমাৰ জীৱন বাটত (হয়তো বহুত) বিপদ-বাধা পাবা । হেলাৰঙে আঁকোৱালি সিহঁতকো ল’বা অ’ বন্ধু ... হাঁহি হাঁহি আঁকোৱালি সিহঁতকো ল’বা । পাবা জানো ঘূৰাই তুমি যি হেৰুৱালা তেনেহ’লে কিয় তুমি দুখত ভাগি পৰা । অ’ বন্ধু ... নাচায় ঘূৰি পিছফালে আগফালে চোৱা । তোমাতকৈও দুৰ্ভগীয়া আছে বহুত জানা তাকে ভাবি মনৰ মাজত সান্ত্বনা ল’বা । অ’ বন্ধু ... নহয় তুমি ভাবা কথা তেহে বুজি পাবা । কাল আন্ধাৰৰ পিছতেই আহে নতুন পুৱা দুখৰ পিছত সুখ আহে তুমিও জানি থ’বা । অ’ বন্ধু ... জীৱনটো যে তেনেকুৱাই এবাৰ মানি ল’বা । কি বাৰু নাই তোমাৰ ভাবি নাকান্দিবা কি বাৰু আছে তোমাৰ তাকে হিচাপ কৰা । অ’ বন্ধু ... গোটেই আকাশ তোমাৰ বাবে মূৰ তুলি চোৱা ।
You may also like

Leave a comment